logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

হাজোত মঞ্চ সফল নাটক "চণ্ডাল" মঞ্চস্থ

কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজহ চক্ৰৰ বৰদধি সত্ৰত বৰদধি সনাতন যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱত গোবিন্দ ভৰালীৰ নাটক চণ্ডাল প্ৰদৰ্শন কৰা হয়। বাস্তৱধৰ্মী সামাজিক নাট খনত অভিনয় কৰে বৰদধি গাঁৱৰ ন-পুৰণি নাট্য শিল্পীয়ে, উন্নত মানদণ্ডৰ কাৰিকৰী শিল্পকলাৰ প্ৰদৰ্শনেৰে বৰদধি গাঁৱৰ জাৰ্ণৱ কলিতাই এক আলোড়ন আনিবলৈ সক্ষম হৈছে। অভিনয়ত আছিল অশোক অধিকাৰী, বিৰেন মহন্ত, অসীম মহন্ত, দ্বীপজ্যোতি মহন্ত,ডুলন জ্যোতি মহন্ত,হীৰক জ্যোতি কলিতা,মানস প্ৰতিম কলিতা, অবিনাশ মহন্ত, কৌশিক দাস, পুতুলী মহন্ত কলিতা, অনুলেখা মহন্ত, গীতাঞ্জলি মহন্ত, ভাস্বতী মালাকাৰ, নিপা মণি কলিতা, দ্বিপেন মহন্ত আৰু কমল কলিতা । উল্লেখযোগ্য যে নাটকৰ দিনটোত অৰ্থাৎ ২৭ ছেপ্টেম্বৰ ২০২৩ বুধবাৰে পুৱতি নিশা দেউতাকৰ মৃত্যুৰ পিছতো ধৈৰ্য্য আৰু সাহসৰ পৰিচয় দি কমল কলিতাই দেউতাকৰ শেষ ইচ্ছা মতে নাটকত অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল।নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চৰিত্ৰটো জীৱন্ত কৰি তোলাত অৱহেলা কৰা নাই।বৰদধি সত্ৰ বাসী ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতাত এয়া সম্ভৱ হৈ উঠিল। এখন সৰ্বাধিক চৰ্চিত আৰু সফল নাটক উপভোগ কৰা বুলি উপস্থিত দৰ্শকে মতামত আগবঢ়াইছে। দ্বিতীয় পুত্ৰ প্ৰশান্ত কলিতাই মূখ্য স্মাৰক হিচাপে থাকি দেউতাকৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু আন এগৰাকী স্মাৰক প্ৰাঞ্জল মালাকাৰৰো ৰাইজে শলাগ লৈছে। সংগীতত ৰুদ্ৰ দাস,পোহৰত কিশোৰ দাস , শব্দ ডেভিদৰ আৰু কণ্ঠশিল্পী মনজিৎ আৰু সাগৰিকা , শীৰ্ষ গীত নিপন মহন্তৰ। নাট্যকাৰৰ কৃতিত্ব এয়া যে নাটকৰ কোনো চৰিত্ৰ‌ই প্ৰাধান্যহীন কৰি গঢ়ি তোলা নাই সেয়েহে চণ্ডাল নাটকখন দৰ্শকে এখন উৎকৃষ্ট নাটক বুলি অভিহিত কৰিছে।

176
6687 views
1 shares

Comment