logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বৰদধি সত্ৰত 'দখল' আৰু 'চণ্ডাল' মঞ্চস্থ

কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজহ চক্ৰৰ বৰদধি সত্ৰত বৰদধি সনাতন যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ লগত সংগতি ৰাখি যোৱা ২৬ ছেপ্টেম্বৰ ২০২৩ আৰু ২৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে বৰদধি গাঁৱৰ ন-পুৰণি নাট্য শিল্পীৰ অভিনয় সমৃদ্ধ দুখন নাটক মঞ্চস্থ কৰা হয়। সাংস্কৃতিক দিশত চহকী বৰদধি সত্ৰ বাসী ৰাইজৰ এই যাত্ৰা সমগ্ৰ অসমতে তথা হাজো অঞ্চলত প্ৰচলিত হৈছে।সেৱাব্ৰত বৰুৱাৰ 'দখল' আৰু গোবিন্দ ভৰালীৰ 'চণ্ডাল' নাটকৰ শিল্পী সকলৰ এই প্ৰচেষ্টাক বৰদধি গাঁৱৰ ৰাইজে শলাগ লৈছে।

134
2967 views

Comment