logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

জল জীৱন মিছনৰ অধীনত যোগান ধৰা পানীৰ অপচয় ৰোধ কৰাৰ আহ্বান গ্ৰীণ লাইফ ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ

বৰপেটা, ২০ এপ্ৰিল: পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে গঢ়ি উঠা গ্ৰীণ লাইফ ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সভাপতি চৈয়দ আফতাদ হুছেইন আৰু সম্পাদক ৰুস্তম আলীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে ভাৰত চৰকাৰৰ 'জল জীৱন মিছন' আঁচনিৰ যোগেদি ৰাইজক পানী যোগান ধৰাটো সুন্দৰ পদক্ষেপ। কিন্তু এই আঁচনিৰ যোগেদি দৈনিক অসংখ্য লিটাৰ পানীৰ অপচয় হোৱা পৰিলক্ষিত হৈ আহিছে। তেওঁলোকে ইতিমধ্যে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি অসংখ্য পানীৰ টেপত সাঁফৰ নলগোৱা লক্ষ্য কৰে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে। ইয়াৰ ফলশ্ৰুতিত ৰাইজে পানী সংগ্ৰহ কৰি নিয়াৰ পাছত বাকী সময়খিনিত পানীৰ অপচয় হয়। টেপবোৰ সাধাৰণতে ৰাস্তাৰ কাষত হোৱা বাবে ৰাস্তা-ঘাটো লেতেৰা হৈ থাকে ফলত মহ সৃষ্টিৰ লগতে যাতায়ত ব্যৱস্থাত অসুবিধা হয়। এয়া দেশৰ অৰ্থনৈতিক ক্ষতিৰ লগতে বিজ্ঞানসন্মতভাৱে আলোচিত পানীৰ সঠিক ব্যৱহাৰ হোৱা নাই বুলিও উল্লেখ কৰে। গতিকে গ্ৰীণ লাইফ ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনে বিভাগীয় কৰ্তৃপক্ষক পানীৰ এই অপচয় ৰোধ কৰি দেশৰ আৰ্থিক লোকচান ৰোধ কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে, চৈয়দ আফতাদ হুছেইন আৰু ৰুস্তম আলীৰ উদ্যোগত 'সেউজ-বিল্পৱ' নামেৰে ধাৰাবাহিক বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

145
2443 views

Comment