logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

মেঘালয়ত হিংসাত মৃত্যু হোৱা গোৱালপাৰাৰ ৩ যুৱকৰ পিতৃ-মাতৃৰ কাষত মুছাৰ সঁজাতি দল


বৰপেটা, ২০ এপ্ৰিলঃ মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ মুছাৰ এটি সঁজাতি দলে মেঘালয়ত হিংসাত মৃত্যু হোৱা গোৱালপাৰাৰ ৩ যুৱকৰ পিতৃ-মাতৃক সাক্ষ্যৎ কৰে। মুছাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, উপ-সভাপতি আনোৱাৰ হুছেইন আৰু কোকৰাঝাৰ জিলা মুছাৰ সভাপতি খুচবুল আলমৰ নেতৃত্বত মেঘালয়ৰ ঘটনাৰ বুজ লয় আৰু মৃতকৰ পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰে । অসম চৰকাৰে আৰু মেঘালয় চৰকাৰে যৌথ অভিযান চলাই দোষিক দৃষ্ঠান্তমুলক শাস্তিৰ দাবী কৰে মুছাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। লগতে মেঘালয়ত কাম কৰিবলৈ যোৱা লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দাবী জনায়। প্ৰতিটো মৃতকৰ পৰিয়ালক অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে ২০ লাখ টকাৰ ক্ষতি পূৰণৰ দাবী জনোৱাৰ লগতে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰে মুছাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলা হ'ব বুলি জনায় মুছাৰ সাধাৰণ সম্পাদক গৰাকীযে।

153
9087 views

Comment