logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

যোগ গুৰুকুল অসমৰ উদ্যোগত মিৰ্জাত বক্তৃতা প্ৰদান অনুষ্ঠান #RSS




যোগ গুৰুকুল অসমৰ উদ্যোগত মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি যোগেশ্বৰ ভগৱান শ্রীকৃষ্ণৰ মুখনিঃসৃত অমৃত বাণী সমাজত প্ৰচাৰৰ উদ্দেশ্যে "ব্যৱহাৰিক জীৱনত গীতাৰ প্রাসঙ্গিকতা” শীর্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।দিনৰ প্ৰায় চাৰে চাৰি বজাত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি দাসে। অনুষ্ঠানটোৰ আঁত ধৰে যোগ গুৰুকুল অসমৰ উপ-সভাপতি,বিশিষ্ট সমাজ কৰ্মী তথা ছাত্ৰ নেতা অনুপ কুমাৰ মেধীয়ে। উক্ত অনুষ্ঠানত বক্তাৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা।বক্তৃতাৰ আৰম্ভণিটে বৰুৱাই দুৰ্গাদেৱীক প্ৰৰ্থনাৰে আৰধনা কৰে।বুজৰবৰুৱাই গীতা সম্পৰ্কে আমাৰ সমাজত ভ্ৰান্ত ধাৰণা থকাৰ কথা উল্লেখ কৰে আৰু ডেকা বয়সত গীতা পঢ়িব নাপায়,মহিলাই‌ গীতা চুৱ নাপাই আদি ভ্ৰান্ত ধাৰণা বুলি কয়। গীতা এখন গ্ৰন্থ। আমি এখন উপন্যাস বা যি কোনো কিতাপ এখন যি ধৰণে অধ্যনয় কৰো গীতা খনো আমি একেই ধৰণে অধ্যয়ন কৰিব‌ পাৰোঁ। আমি‌ প্ৰতি দিনে গীতা অধ্যয়ন কৰাটো প্ৰয়োজন কিয়নো গীতাত থকা প্ৰতিটো কথাই আমাক মানুহ হবলৈ শিকাই,নৰৰ পৰা নাৰায়ণ হবলৈ শিকাই। সেয়ে আমি গীতা অধ্যয়ন কৰিব লাগে। আমাৰ সমাজৰ কেৰুণ সমূহ আঁতৰ কৰাৰ বাবে গীতা আমাৰ‌ সহায়ক হব পাৰে যদিহে আমি গীতা অধ্যয়ন কৰো আৰু বুজো। এনেধৰণৰ গীতা অধ্যয়ন প্ৰয়োজনীয়তাৰ সম্পৰ্কে বশিষ্ঠ বুজৰবৰুৱাই দীঘলীয়া বক্তৃতা প্ৰদান কৰে। আজিৰ এই ভক্তি মূলক অনুষ্ঠানটোত অংশ গ্ৰহণ কৰা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে প্ৰায় ডেৰ শতাধিক ৰাইজে এই সুন্দৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে যোগ গুৰুকুল অসমৰ সভাপতি দিলীপ গোস্বামী, উপ সভপতিদ্বয় অনুপ কুমাৰ মেধী,কিশোৰ শৰ্মা,আৰু সম্পাদক হিমাংশু বুজৰবৰুৱাৰ ভূয়সী প্ৰশংসা কৰে।


130
5065 views

Comment