logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

৬০ বছৰীয়া বৃদ্ধৰ কাঁমনাৰ বলী নাবালিকা আৰক্ষীৰ জালত লম্পত হিৰেণ কলিতা



মিৰ্জা,১১চেপ্তেম্বৰঃ এটাৰ পিছত এটা জঘন্য ঘটনাই কপাই গৈছে সমগ্ৰ ৰাজ্য।কলকাতা তথা ধিংৰ সেই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাৰ শোক মাৰ নৌযাওতে পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বৰদুৱাৰৰ জজীত।‌এইবাৰ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলী হ'ল এগৰাকী নাবালিকা। যোৱা ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে বন্ধ আছিল স্কুল,কলেজ তথা আন আন চৰকাৰী কাৰ্যালয় ইত্যাদি। তাৰেই সুযোগ লৈ জজীৰ প্ৰায় ৬০ বছৰীয়া‌ লম্পত হিৰেণ কলিতা নামৰ বৃদ্ধ গৰাকীয়ে জজী মজলীয়া বিদ্যালয়ৰ ৰান্ধনী শালত এগৰাকী ১৪ বছৰীয়া শাৰীৰিক ভাৱে অক্ষম ছোৱালীক ধৰ্ষণ কৰে।ইমানতে ক্ষান্ত নাথাকি নিজৰ কাঁমনা সিদ্ধিৰ বাবে নিজৰ বাসগৃহত মাতি বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি পুনৰ অতি নিৰ্দয় ভাৱে ছোৱালী জনীক ধৰ্ষণ কৰে হিৰেণ কলিতাই। আনহাতে অন্য কোনো নাবালকে ১৫ আগষ্টৰ দিনাৰ ধৰ্ষণ কাণ্ড প্ৰত্যক্ষ কৰিছিল। সেয়ে ক্ৰমান্বয়ে ঘটনাটো প্ৰচাৰ হৈ পৰে।ইফালে আজি ছোৱালী গৰাকীৰ মাতৃৰ কাণত খৱৰটো পৰাৰ লগে লগে তেঁও হতবাক হৈ পৰে আৰু অশ্ৰুসিক্ত নয়নেৰে ৰাইজক ন্যায় বিচাৰি আহ্বান কৰে। লগে লগে ৰাইজ মেল অনুষ্ঠিত কৰা হয় আৰু অভিযুক্তক সোধা পোচা কৰাত সকলো কথা স্পষ্ট হৈ পৰে। লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও ৰাইজৰ নেতৃত্ব বৃন্দই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু পলাশবাৰী আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ধৰ্ষণকাৰী হিৰেণ কলিতাক।স্থানীয় মহিলা সকলে হিৰেণ কলিতাক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীৰ সন্মুখতে পৰিবেশ উত্তাল কৰি তোলে।

158
10314 views

Comment