logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আজি কাতিবিহু

কাতি বিহু : ঐতিহ্য আৰু পৰম্পৰা

আজি অসমীয়া জাতিৰ বাপোতিসাহোন কাতি বিহু৷ কৃষি উৎসৱৰ অন্যতম কাতিবিহু আহিনৰ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰি আহিছে অনাদি কালৰ পৰা৷ অসমীয়া গঞা আৰু কৃষকৰ শ্ৰদ্ধা আৰু অতি আদৰৰ কাতিবিহু৷আন দুটা বিহুৰ দৰে কাতি বিহুৰো অন্য এটা নাম আছে৷অভাৱ অনাটনৰে ভৰা সময়ত উদ্‌যাপিত হোৱাৰ বাবে নাম ৰাখিছে কঙালী৷
অসমীয়াৰ হেপাঁহৰ কাতিবিহুৰ তাৎপৰ্য বহাগ বিহু মাঘ বিহুত কৈ কোনোগুণে কম নহয়৷ কাতিবিহুয়ে খেতিয়কক জীয়াই থাকিবলৈ শিকাই৷ মনত আশা বঢ়াই৷ কাতিবিহুৰ সন্ধিয়া সভক্তিৰে কৃষকে জ্বলোৱা বন্তিগছিৰ পোহৰত আলোকিত হয় শইচৰ পথাৰ৷ বিজুলী বাঁহৰ গোঁজপুতি ঔটেঙাৰ বাকলি নতুবা মৃন্ময়ৰে নিৰ্মিত বন্তিৰ পোহৰত গেৰ ধৰা খেতিডৰাক অনিষ্টকাৰী কীট পতংগ বা এন্দুৰ নিগনি অথবা প্ৰাকৃতিক উপসৰ্গৰ পৰা যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ কাৰণে মংগল কামনা কৰি প্ৰাৰ্থনা জনোৱা হয়৷
গ্ৰাম্য চহা সমাজৰ কাতিবিহু শইচৰ পথাৰতে সীমাবদ্ধ নহয়৷সেইদিনা গৃহস্থই ঘৰ-দুৱাৰ,পদূলি পৰিষ্কাৰ কৰি ঘৰৰ চৌহদত চিকুনাই সুন্দৰ কৰি তোলে৷সন্ধিয়া গোহালি,ঢেঁকী ঘৰ,কুঁৱাৰ পাৰত,পদূলি মূৰত চাকি আৰু আকাশ বন্তি জ্বলাই ৷লোকবিশ্বাস অনুসৰি কাতিবিহুৰ দিনা ঘৰদুৱাৰ পৰিষ্কাৰ কৰি ৰাখিলে শস্য দেৱী লক্ষ্মীৰ আগমন হয়৷ অসমৰ ঠাই বিশেষে ভঁৰাল ঘৰত গৃহস্থই আই লখিমীলৈ বুলি এটা দুণৰিত কেঁচা পিঠাগুৰি, কল ,থুৰীয়া তামোল আৰু এঘটি পানীসহ ধূপ চাকি জ্বলাই উচৰ্গিত কৰা পৰম্পৰাও আছে৷ কাতিবিহুত উলহ মালহ আৰু ভোগ প্ৰচুৰতা বেছিকৈ নাথাকে সচা৷তথাপি প্ৰতিঘৰ অসমীয়াই তুলসীৰ গুৰিত মাটিৰে ঢিপ সাজি সুন্দৰকৈ মচি গৃহস্থই বন্তি প্ৰজ্বলন কৰি নৈবদ্য আগবঢ়াই৷ গাৱঁৰ বুঢ়ামেথা,গৰখীয়া ল’ৰাই “ তুলসীৰ তলে তলে,মৃগ পহু চৰে৷তাকে দেখি ৰামচন্দ্ৰই,হৰ ধনু ধৰে৷৷’’ শীৰ্ষক নাম গাই ফুৰ্তি তামাছা কৰি গৃহস্থই আগবঢ়োৱা নৈবদ্য গ্ৰহণ কৰে৷
আধুনিকতাৰ সেন্দূৰীয়া আলিৰে অসমীয়া সমাজ আগবাঢ়িলেও তাহানিৰ গ্ৰাম্য সমাজৰ কাতিবিহুৰ পৰম্পৰাত কোনো নেতিবাচক প্ৰভাৱ পেলাব পৰা নাই৷ সেইদিনৰ কাতি বিহু সময়চোৱা মানুহৰ খোৱাত টান পৰিছিল৷এই সময়ত আহুধান ভঁৰালত শেষ হয়, শালি ধানো চপাবলৈ যথেষ্ট সময় থাকে৷ সেইদিনৰ অভাৱ অনাটনৰ সন্মুখিন হোৱা সমাজ খনে যি ৰীতিনীতিৰে বিহুটিক আদৰিছিল৷একে ধৰণেৰে বৰ্তমানো পালন কৰি আছে৷ যদিও বা আগৰ দৰে গ্ৰাম্য সমাজত খেতি খোলাৰ কাৰ্য টুটিছে৷ অসমীয়াই আদৰৰ বিহুটিক নপতাকৈ থকা নাই৷

161
15515 views

Comment