logo

গৰাখহনীয়াত উছন ভেঁটি-মাটি, এজনীয়া শিক্ষকৰে চলিছে বিদ্যালয় ডাকৰ গাঁও দংৰাত এছএফআইৰ সঁজাতি দলৰ পৰিদৰ্শন

বৰপেটা, ৫ জানুৱাৰী: ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছএফআইৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত এক সঁজাতি দলে চেঙা সমষ্টিৰ কেইবাটাও ঠাই পৰিদৰ্শন কৰে। বামুণদংৰা, হাবিদংৰা, পাহাৰপুৰ আদি অঞ্চলৰ গৰাখহনীয়া, অৰ্থনৈতিক, শৈক্ষিক আদি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে ঐতিহাসিক ভিত্তি থকা এই অঞ্চলতেই বিখ্যাত ডাকৰ জন্ম হৈছিল। ইয়াৰ পাৰিপাৰ্শ্বিকতাত উমলি-জামলি ডাঙৰ-দীঘল হোৱা ডাকৰ অবিহনে অসমীয়া সংস্কৃতি তথা সাহিত্য অসম্পূৰ্ণ। গাঁৱলীয়া কৃষিজীৱী সমাজ– সেয়া শিক্ষিতই হওঁক অথবা অশিক্ষিত, সকলোৰে মনত অন্তৰ্নিহিত ডাকৰ বচনে জীৱনৰ গতিপথ নিৰ্ধাৰণ কৰে বুলি ৰাজ্যিক সদস্য চৈয়দ আফতাদ হুছেইনে (Sayed Aftad Hussain) কয়। ঐতিহাসিক ঐতিহ্য থকা এই অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। স্বাধীনতাৰ কালৰপৰাই ব্ৰহ্মপুত্ৰৰ উত্তৰাঞ্চলত বসবাস কৰা লোকসকল প্রতিবছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি সর্বস্বান্ত হৈ আহিছে। বিগত চল্লিশটা বছৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই প্রায় অর্দ্ধশতাধিক গাঁও নিচ্ছিন্ন কৰিছে। বহৰিৰ পৰা বাঘবৰ পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসতি কৰা লক্ষাধিক পৰিয়াল সম্প্রতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি বছৰ বছৰ ধৰি ব্যাপক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। বিগত দিনৰ খহনীয়াত বৃহত্তৰ অঞ্চলটোৰ অৰ্দ্ধশতাধিক শিক্ষানুষ্ঠানৰ লগতে সহস্রাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ব্রহ্মপুত্রত বিলীন হৈছে। খহনীয়াত ইতিমধ্যে জাহ গৈছে হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি। ব্ৰহ্মপুত্ৰৰ খহনীয়াই সমগ্ৰ অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰাত সম্প্ৰতি খহনীয়াই বহৰি-বাঘবৰ মথাউৰিৰ প্ৰতিও তীব্র ভাবুকি কঢ়িয়াই আনিছে। অঞ্চল বিশেষে ব্ৰহ্মপুত্ৰৰপৰা মথাউৰিৰ দূৰত্ব মাত্র ২০-৫০ ফুট পর্যন্ত আছেগৈ। এনে পৰিস্থিতিত আগন্তুক বাৰিষাৰ পূৰ্বে যদি অঞ্চলটোৰ পাহাৰপুৰ, হাবিদংৰা, বামুণদংৰাৰ লগতে অন্যান্য অঞ্চলত প্ৰতিৰোধৰ ব্যৱস্থা গ্রহণ নকৰে, যিকোনো মুহূৰ্ততে বহৰি-বাঘবৰ মথাউৰি ছিগি বৃহত্তৰ অঞ্চলটোৰ বৃহৎ ক্ষতিসাধন হোৱাটো নিশ্চিত বুলি দাবী কৰিছে সঁজাতি দলটোৱে। খহনীয়াই অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান ইতিমধ্যে খহাই নিয়াৰ লগতে শেহতীয়াকৈ বামুণদংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈও ভাবুকি কঢ়িয়াই আনিছে। বিগত সময়ছোৱাত অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ, জিলা প্রশাসনৰ লগতে স্থানীয় বিধায়ক আশ্বাফুল হুছেইন, শ্বেৰমান আলী আহমেদে বিশেষ কোনো ব্যৱস্থা গ্রহণ নকৰাত এই সমস্যাটো অধিক ভয়ংকৰ হৈ পৰিছে। ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ অৱস্থা অতিকৈ সংকটজনক বুলি দাবী কৰি আহিছে এছএফআইয়ে। এছএফআইৰ বৰপেটা জিলা কমিটিৰ সভাপতি দেৱান ইফতিকাৰ হুছেইন আৰু ৰাজ্যিক সদস্য চৈয়দ আফতাদ হুছেইনে কয় যে, শাসকীয় পক্ষই দেশক ডিজিটেলাইজড কৰা বুলি ভাষণৰ ফুলৰজাৰী মৰাৰ সময়তে স্মাৰ্টফোনৰ অভাৱত অনলাইন ক্লাছ কৰিব নোৱাৰি এইখন অসমতে ছাত্ৰই আত্মহত্যা কৰে। শৈক্ষিক প্ৰতিষ্ঠানবোৰত বিদ্যুৎ যোগানৰ অভাৱ, পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱ, শিক্ষকৰ অভাৱকে আদি কৰি আন্তঃগাঁঠনিৰ অৱস্থা অত্যন্ত তথৈবচ। চেমিষ্টাৰ পদ্ধতিত নীতি-নিয়ম ধোঁৱাচাঙত। শেহতীয়াকৈ চৌদিশে গুণোৎসৱৰ জোৱাৰ উঠিছে। অথচ শিক্ষাৰ মানদণ্ডৰ ওপৰত চৰকাৰৰ দৃষ্টিগোচৰ নাই। আঠ হাজাৰতকৈ অধিক ৰাজহুৱা বিদ্যালয় বন্ধ কৰি দিয়াৰ বিপৰীতে মদ সুলভ কৰি দিছে। এই চৰাঞ্চলসমূহত স্বাধীনতাৰ ইমান বছৰ পাছতো শিক্ষাৰ মানদণ্ড উন্নত হোৱা নাই। বাঘবৰ বিধানসভা সমষ্টিত স্বাক্ষৰতাৰ হাৰ ৩৯.২০ শতাংশ। ইয়াৰে পুৰুষ ২২.৫৬ শতাংশ আৰু মহিলাৰ ১৬.৬৫ শতাংশ। মিঞা অধ্যুষিত অঞ্চলবোৰত শিক্ষাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। কোনো চৰত হাইস্কুল পৰ্যন্ত নাই। মন্দিয়া শিক্ষাখণ্ডৰ অধীনত ৪৪৮খন প্ৰাথমিক বিদ্যালয়ত ৫৪,৮৩৪ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে ১২,৬৪ গৰাকী শিক্ষক আছে। এছএফআইৰ সঁজাতি দলে ৮৭০ নং হাবিদংৰা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়সমূহৰ দুৰৱস্থাৰ কথা উনুকিয়াই ধৰে। এইখন বিদ্যালয়ত বৰ্তমান ২৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনীয়া শিক্ষকৰে পাঠদান চলি আহিছে। বিদ্যালয়ৰ কামৰ বাবে ক'ৰবাত যাব লগা হ'লেই শিক্ষক শূন্য হৈ পৰে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তা নোহোৱা হয়। তেনেস্থলত চৰকাৰী বিদ্যালয়ত কোনগৰাকী অভিভাৱকে নিজ সন্তানৰ ভৱিষ্যত ধ্বংসৰ বাবে পঠিয়াব বুলিও অভিযোগ উত্থাপন কৰে। বিদ্যালয়খনৰ ভেঁটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত নতুনকৈ টিনপাতেৰে নিৰ্মাণ কৰিছে যদিও এইখনো উটুৱাই নিব যদিহে গৰাখহনীয়া ৰোধ কৰা নহয় বুলিও অভিযোগ উত্থাপন কৰে। সঁজাতিটোত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ আকতাৰ খান, দেৱান মহিদুল ইছলাম, নজমুল সিকদাৰৰ সৈতে কেইবাজনো স্থানীয় ব্যক্তি উপস্থিত থাকে।

0
2 views