logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

Oil India Lilited celebrate glorious 66th Foundation Day in Duliajan, Assam

ৰং বিৰঙী আলোকসজ্জাৰে জিলিকি উঠিছে তৈলনগৰী দুলীয়াজান ক্লাবৰ চৌহদ। সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে চেলফি জ'ন । অইলৰ এক নং তেল খাদৰ আৰ্হিত নিৰ্মিত নিৰ্মাণ কৰি উলিয়াছে তৈলক্ষেত্ৰ। মঙ্গলবাৰে দেশৰ অন্যতম মহাৰত্ন উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উদ্যোগটোৰ গৌৰৱোজ্জল ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । মঙ্গলবাৰে পুৱাই অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড°ৰঞ্জিত ৰথে দুলীয়াজান ক্লাবৰ চৌহদ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে । ১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দুলীয়াজান ক্লাবৰ চৌহদ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অইলে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বিগত দিনত ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহৰ উপস্থাপন কৰি এখন সুন্দৰ প্ৰদৰ্শনী, পৰিবেশ সুৰক্ষা ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে "চেতনা"শীৰ্ষক এখন আঁচনিৰ শুভ উদ্বোধন কৰে।

155
13548 views

Comment