logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আমবাগান উচ্চ মাধ‍্যমিক বালিকা বিদ্যালয়ত পুনৰ অসুস্থ হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰী

আমবাগান উচ্চ মাধ‍্যমিক বালিকা বিদ্যালয়ত পুনৰ অসুস্থ হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰী। ৯ গৰাকী অসুস্থ ছাত্ৰীক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকী ছাত্ৰীক তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে তিনিবাৰকৈ অসুস্থ হৈ পৰিছে বিদ্যালয় খনিৰ শিক্ষাৰ্থী। কিয় বাৰে বাৰে বিদ্যালয়ৰ ছাত্ৰী সকলৰ এনে হৈছে তাৰ সঠিক তথ‍্য লাভ কৰিব পৰা নাই চিকিৎসকে। ছাত্ৰী কেইগৰাকীৰ শৰীৰত অন্য ৰোগৰো কোনো লক্ষণ দেখা নাই চিকিৎসকে। অসুস্থ ছাত্ৰী কেইগৰাকীয়ে বিকট চিঞৰ মাৰি বাৰে বাৰে অচেতন হৈ পৰা লক্ষণ দেখা পাইছে চিকিৎসকে। সেয়েহে ছাত্ৰী কেইগৰাকীক লৈ চিন্তিত হৈ পৰিছে চিকিৎসক গৰাকী।

125
1291 views

Comment