
চৰাইদেউ জিলাৰ পাটসাঁকোত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন
মৰাণ ২১: স্বেচ্ছাসেৱী সংস্থা 'দিচাং', ন-কুঁহি ডান্স একাডেমী, ৰংমন শিশু বিকাশ মঞ্চ আৰু ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উমৈহতীয়া উদ্যোগত পাটসাঁকো ৰাজহুৱা পুথিভঁৰাল প্রেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিষ্ণু ৰাভা সংগীতৰ , নৃত্য আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী মৰ্মে পুৱা ১০.৩০ বজাত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে পাটসাঁকো কণিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ মনোজ ফুকন দেৱে । ১১ বজাত প্ৰতিযোগিতা শুভাৰম্ভণি কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট টাই সাংস্কৃতিক কৰ্মী তথা শিক্ষয়িত্ৰী দেৱজ্যোতি ফুকনে। সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুকলি সভাত উপস্থিত থাকে পাৰিজাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেৱকান্ত ফুকন, পাঁটসাকো টাই একাডেমীৰ অধ্যক্ষ বাবুল ফুকন, সংবাদকৰ্মী তথা বিশিষ্ট সমাজ সংগঠক দেৱজিত চাউৰক, ছাত্ৰ নেতা সন্তোষ কোঁৱৰ, বাঁহ শিল্পৰ লগত জড়িত মোহন শইকীয়া সম্বন্বিতে আন ভালেকেইজন সন্মানীয় অতিথি। প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা সমূহৰ বটাঁ প্ৰদান অনুষ্ঠান নিশালৈ অনুষ্ঠিত কৰা হয়। বিজয়ীসকলক একোখনকৈ মানপত্ৰ, এটা স্মাৰক আৰু নগধ ধনেৰে পুৰস্কৃত কৰা হয়।