কাংথিলাংছু ত ছাত্র সংগঠন উচুকাৰ প্ৰতিষ্ঠা দিৱস পালন
কাৰ্বি আংলং জিলাৰ অগ্ৰণী ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ ১৫ তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আজি জিলা খনৰ দক মকা থানাৰ অন্তৰ্গত জলপ্ৰপাত স্থলি "কাংথি লাংচ"ত এদিনীয়াকৈ উলহ মালহেৰে পালন কৰা হয় l এই কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় ঔসমিতিৰ সভাপতি বিবিচন টেৰণ আৰু সম্পাদক জিণ্টো হাজৰিকা উপস্থিত থকাৰ উপৰিও জিলা খনৰ বিভিন্ন প্ৰান্তত থকা সংগঠনটোৰ শাখা সমিতি সমূহৰ প্ৰতি গৰাকী সদস্যই আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে l
এই অনুষ্ঠানতেই আগন্তুক সময়ত জনহিতকৰ কাম সমূহ অবিৰাম গতিত কৰি যোৱা হব বুলি দৃঢ়তাৰে ঘোষণা কৰে সভাপতি সম্পাদকে আৰু ইয়াৰ লগতে এটি প্ৰীতি ভোজনৰো আয়োজন কৰা হয় l