logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰং এণ্ড ৰিদমৰ উদ্যোগত সুধাকণ্ঠৰ হিন্দী গীতৰ কৰ্মশালা।

মৰাণ: চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থলী বৃহত্তৰ মৰাণ অঞ্চলত ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা অন্যতম অগ্রণী সংগীত শিক্ষাৰ অনুষ্ঠান তথা ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ২৭ আৰু ২৮ জুলাই ২০২৫ তাৰিখে ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা, ৰচনা তথা কণ্ঠদান কৰা হিন্দী বোলছবি গীতৰ এক কৰ্মশালা আয়োজন কৰিছে। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২বজালৈ অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানটিত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব মুম্বাইৰ এচ. এন. ডি. টি. মহিলা বিশ্ববিদ্যালয়ৰ সংগীত স্নাতকোত্তৰ তথা ২০১৩ বৰ্ষৰ চনী টি ভিৰ জুনিয়ৰ ইণ্ডিয়ান আইডলৰ সপ্তম স্থান লাভ কৰা প্ৰিয়ম বৰপাত্ৰগোঁহাই আৰু সংগীত ৰত্ন ড০ শুভজ্যোতি মহন।ইচ্ছুক ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীক মহনে ২৪ জুলাই ভিতৰত
9954415852 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

144
3796 views

Comment