logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ছয়গাঁও সাহিত্য সভাৰ বিশেষ সভা আৰু লিখনি পাঠ অনুষ্ঠান সম্পন্ন

১৫ আগষ্ট, ২০২৫ ::: আজি ছয়গাঁও সাহিত্য ভৱনত ছয়গাঁও সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ এখনি বিশেষ সভা, শাখাৰ সভাপতি ড° প্ৰাণেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হয়। শাখা সম্পাদক ভাৰত গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে স্থানীয় শিল্পী যোগেশ্বৰ নাথে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। তাৰ পিছতেই ছয়গাঁও কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ্য ড° অভিজিত দেৱ অধিকাৰীয়ে ছয়গাঁও সাহিত্য সভালৈ এটি আলমিৰা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। বিশেষ সভাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত স্বৰচিত লিখনি পাঠ অনুষ্ঠানত প্ৰতিভা ঠাকুৰীয়া, হিতেশ দাস, মালা সাউদে কবিতা আৰু দ্বীজেন্দ্ৰনাথ শৰ্মা, হৰিমতী কলিতাই গল্প পাঠ কৰে। অনুষ্ঠানত কে আৰ ডি শিক্ষণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী পবিত্ৰ দত্তই আবৃত্তি আৰু ভাওনাৰ সংলাপ; প্ৰস্তুতি কলিতা, নাৰ্জী চৌধুৰীয়ে গীত পৰিৱেশন কৰে। শেষত সভাপতি ড° প্ৰাণেশ্বৰ নাথে "আকাশী গংগা বিচৰা নাই…" শীৰ্ষক ভূপেন্দ্ৰ সংগীতৰ কলী গুণগুণাই সাৰুৱা মন্তব্যৰে সভাৰ সমাপ্তি ঘোষণা কৰে।◾

66
426 views

Comment