logo

📌জিলা আয়ুক্তৰ নিৰ্দেশত ১৪৬ গৰাকী লাট মণ্ডলক ৰদ-বদল।

নগাঁও :নগাঁও জিলাত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে ।

জিলাৰ আটাইকেইটা চক্ৰ বিষয়া কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলৰ উপৰিও ৪ গৰাকী কানানগোকো একেদিনাই বদলি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । এই সিদ্ধান্ত নগাঁও জিলাৰ প্ৰশাসনিক ইতিহাসত এক বৃহৎ পদক্ষেপ হিচাপে চর্চা আৰম্ভ হৈছে ।


নগাঁও জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
উল্লেখ্য যে, একাংশ লাট মণ্ডলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি একেটা কাৰ্যালয়তে থাকি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আনকি একাংশ লাট মণ্ডলৰ বিৰুদ্ধে ২৮ বছৰ পৰ্যন্ত একেটা কাৰ্যালয়ত থাকি নিজৰ পদৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰো আছে অভিযোগ । এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত জিলাৰ সাধাৰণ জনতাৰ মাজতো তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছিল ।

জনসাধাৰণৰ মাজত প্ৰশাসনৰ প্ৰতি আস্থা পুনৰুদ্ধাৰৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অৱশেষত আটাইকেইগৰাকী মণ্ডলক ৰদ বদলৰ দৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পিছতে দেৱাশীষ শৰ্মাই জিলাখনৰ প্ৰশাসনক স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । তাৰ অংশ হিচাপেই জিলাখনৰ সকলো চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলক ৰদ-বদল কৰি একপ্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

29
3066 views