logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

মৰিয়নিত - আদিবাসী শান্তি চুক্তি দিৱস পালনৰ লাইখুটা স্থাপন

মৰিয়নিত - আদিবাসী শান্তি চুক্তি দিৱস পালনৰ লাইখুটা স্থাপন


অসমৰ আদিবাসী বিদ্ৰোহী সংগঠন সমুহে ভাৰত চৰকাৰৰ লগত ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত ঐতিহাসিক শান্তি চুক্তি সাক্ষাৰ কৰি আদিবাসী সমাজ খনক আগুৱাই নিয়াৰ বাবে আদিবাসী উন্নয়ন পৰিষদৰ গঠন কৰি দিয়া হয়। সেই ঐতিহাসিক শান্তি চুক্তিৰ তৃতীয় বাৰ্ষিক শান্তি চুক্তি দিৱসটি অহা ১৫ ছেপ্টেম্বৰত মৰিয়নিত পালন কৰাৰ উদ্দেশ্যে লাইখুটা স্থাপন কৰা হয়।

উক্ত লাইখুটা স্থাপন অনুষ্ঠান বিধায়ক ৰূপজ্যোতি কৰ্মী, আদিবাসী উন্নয়ন পৰিষদৰ উপ - মূখ্য কাৰ্য্যৱাহী পিটাৰ ডাং, কাৰ্য্যৱাহী সদস্য দিপেন নায়ক প্ৰমূ্খ্যে আদিবাসী সমাজৰ বিশিষ্ট ব্যক্তি দল সংগঠন নেতা সমূহ উপস্থিত থাকে।

81
5781 views

Comment