logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কাৰ্বি আংলং জিলাৰ ডিফুৰ নিবাসী অসমীয়া চলচ্চিত্ৰ জগতৰ চিত্রনাট্যকাৰ, পৰিচালক প্ৰযোজক অৱসৰ প্ৰাপ্ত কৃষি বিষয়া তিমথি দাস হাঞ্চে' ৰ দেহাৱসান।

পাহাৰীয়া কাৰ্বি আংলং জিলাৰ ডিফুৰ চহৰৰ নিবাসী তিমথি দাস হাঞ্চে অসমীয়া চলচ্চিত্ৰ জগতৰ গীতিকাৰ, চিত্রনাট্যকাৰ, পৰিচালক, প্ৰযোজক হিচাবে পৰিচিতি নাম অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যান শস্যৰ সঞ্চালক হিচাবে কৰ্মৰত থাকি অসমীয়া চলচ্চিত্ৰ জগতত অতুলনীয় অবদান আগবঢ়াই গৈছিল তিমথি দাস হাঞ্চে'ই চাকৰি জীৱন অৱসৰ লৈ চলচ্চিত্ৰ জগতত সেৱা আগবঢ়াই গৈছিল। কাৰ্বি আংলং জিলাৰ অতি ভিতৰুৱা অঞ্চল চকীহোলাত জন্ম গ্ৰহণ কৰি শিক্ষা গ্রহণ কৰাৰ পিছত কৃষি বিভাগত বিষয়া হিচাবে নিযুক্ত লাভ কৰি ডিফুত বসবাস কৰে ইয়াৰ লগে লগে ১৯৯৫ চনৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ ১৯৯০ চনত তিমথি দাস হাঞ্চে'ৰ কাহিনী চিত্ৰনাট্য আৰু গীতেৰে পাহাৰী কন্যা নামৰ সফল অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰে। ৷ সেই একেটা বছৰতে তেওঁৰ কাৰবি ভাষাৰ শ্বেৰ আলং নামৰ তথ্য-কাহিনীভিত্তিক ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ৷ ইয়াৰ পিছতে ৰঙা মদাৰ,প্ৰেম পাহাৰে-ভৈয়ামে নামৰ ছবি দুখনে মুক্তি লাভ কৰে ৷ প্ৰেম পাহাৰে-ভৈয়ামে ছবিখনে চিত্ৰলেখা বঁটা মুনলাইট মিডিয়া বঁটা লাভ কৰে ৷ প্ৰচাৰ ভাৰতী ব্ৰডকাষ্টিং কৰ্পৰেচনৰ তেওঁ এগৰাকী স্বীকৃত প্ৰযোজক পৰিচালক আছিল ৷ তেওঁৰ কাৰবি জনজাতিৰ উৎসৱ নামৰ তথ্যচিত্ৰখনে ১৯৯৫ চনত থিৰুৱনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক ভিডিঅ’ ফিল্ম ফেষ্টিভেলত চাৰ্টিফিকেট অৱ মেৰিট সন্মান লাভ কৰিছিল ৷ তেওঁৰ জীৱন বাটৰ লগৰী নামৰ চলচ্চিত্ৰ খনে ২০১০ চনত অসম চৰকাৰৰ চলচ্চিত্ৰ বঁটা লাভ কৰে ৷ শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ বঁটা লাভ কৰিছিল জীৱন বাটৰ লগৰীয়ে তেখেতৰ আন এখন ব্যৱসায়িক ভাবে সফল ছবি হ’ল পলে পলে উৰে মন ৷ এইখন ছবিৰো কাহিনী ; চিত্ৰনাট্য আৰু সংগীত তেওঁ নিজেই পৰিচালনা কৰিছিল ৷ এই ছবিখনৰ হিন্দী সংস্কৰনো মুকলি হৈছিল ৷ এইখন ছবিয়েও ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ৷ ইয়াৰ উপৰি তেওঁৰ নিজৰ গীতৰ বহু কেইটা এলবাম আছে ৷ সদ্য প্ৰয়াত অসমৰ হিয়াৰ আমুঠু হাৰ্টথ্ৰৱ জনতাৰ শিল্পী জুবিন গাৰ্গকে ধৰি অসমৰ প্ৰায় সকলো বিশিষ্ট শিল্পীয়ে তেওঁৰ গীতত কণ্ঠদান কৰিছিল ৷ তেওঁৰ ছবিত নিপন গোস্বামী অৰুণ নাথ মলয়া গোস্বামী গায়ত্ৰী মহন্ত ;ৰবী শৰ্মাকে ধৰি অসমৰ প্ৰায় সকলো বিশিষ্ট শিল্পীয়ে অভিনয় কৰিছিল ৷ অসমৰ সাংস্কৃতিক জগতৰ এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তিমথি দাস হাঞ্চে দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ ছেন থমাছ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিয়মিত ওচৰত হাৰ মানি অৱশেষত তিমথি দাস হাঞ্চে মৃত্যুক আকোঁৱালি লয়। মৃত্যুৰ সময়ত তেওঁৰ পত্নী অভিনেত্রী বিউটি বৰুৱা,ছোৱালী ছানচিতা হাঞ্চে'পী এৰি থৈ যায়। তেখেতৰ মৃত্যু খৱৰ বিয়পি পৰা লগে লগে অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে পাহাৰীয়া কাৰ্বি আংলং জিলাতো শোকৰ চাঁ পৰিছে।

65
2374 views

Comment