logo

উত্তৰ প্ৰদেশত প্ৰায়েই সংঘটিত হোৱা ঘটনা।

এইয়া উত্তৰ প্ৰদেশৰ ফাতেহপুৰ দৃশ্য হ'ব। এনেকুৱা ধৰণৰ জঘন্য অত্যাচাৰ উত্তৰ প্ৰদেশত প্ৰতিদিনে সংঘটিত হয়।এনে শাস্তি গ্ৰহণযোগ্য নে, ভাৰতীয় আইনি ব্যৱস্থাত আৰক্ষীক এনেধৰণৰ অধিকাৰ দিয়া হৈছে নেকি ? যিহেতু মই ব্যক্তিগত ভাৱে বস্তুবোৰ পৰিস্কাৰ হোৱা উচিত বোলি ভাৱো। ইয়াত অপৰাধিক ভয়ত কম্পমাণ হ'বৰ বাবে এনেকুৱা শাস্তি দিয়া হৈছে যাতে দ্বিতীয়জনে কৰিব নোৱাৰে। কিন্তু কথাটো হল যোগি চাহাবে ভয়ত কম্পমাণ হ'বলৈ ইয়াত যোগ কৰিছে অপৰাধিকনে জনতাক।এনে কঠোৰতা ঘৰ হওক সমাজ দেশ যতেই নহওঁক প্ৰায় সংখ্যক ক্ষেত্ৰত দেখা পাওঁ নিজৰ দোষ নিষ্ক্ৰিয় বা নিষ্কাষণ কৰি পৰিস্কাৰ হ'বৰ কাৰণে এনেকুৱা আচৰণ কৰা দেখা যায়। শৈশৱৰ পৰা আমি এটাই জানো মানু্হ মাত্ৰই ভূল ক্ষমা ঈশ্বৰ। কিন্তু সেই বোলি এনেকুৱা ধৰণৰ শাস্তি আইনে দিছে জানো বা ৰাজহুৱা কৰিব পাৰি নেকি যদি নাই দিয়া বা নোৱাৰে তেনেহলে আৰক্ষীৰ ওপৰত ব্যৱস্থা লৱ লাগিব। কিন্তু আৰক্ষীক বাধ্য কৰিছে নেকি শাসক তন্ত্ৰই ।শাসক তন্ত্ৰ ইমান হেভি নহয় ন্যায়তন্ত্ৰৰ সদিচ্ছা থাকিলে সকলো সম্ভৱ। ন্যায়তন্ত্ৰই যদি ন্যাস্ত স্বাৰ্থৰ বাবেই এনে আচৰণ কৰে তেতিয়া আমি সকলোৱে এনেকুৱা শাস্তি ভূগিব লাগিব।দেশত ন্যায় ব্যবস্থাত ন্যায়জতা নাই তেনেডহলে ইয়াতে গেলি পচি নৰক পাই যাম। কিন্তু মোৰ বোধেৰে ‌ইয়াত আইনৰ ন্যায়যতা আছে গতিকে সম্ভৱ। কিন্তু মানুহে কিছুমান উৰা বাতৰি সৃষ্টি কৰে এনেধৰণৰ শাস্তি ব্যৱস্থাত সহজতে দিব নোৱাৰে বা নিদিয়ে। গতিকে এই বস্তুবোৰ পৰিস্কাৰ হ'ব লাগে কাৰণ পৰিস্কাৰ হ'লেও অপৰিস্কাৰ দেখা পোৱা যায় বোলি শুনিছোঁ। ছৈয়দ মহচিন।

6
199 views