logo

প্ৰতিবেশী।

প্ৰতিবেশী।
প্ৰতি পোৱাতে
দেখোঁ তোমাক
লাগে ভাল।
ভবা নহয় কিন্তু
কৰিছা প্ৰতিযোগিতা
হৈছে সংঘৰ্ষ।
কৰিছা মনত প্ৰতিহিংসা ।
দিয়া তুমি প্ৰতিদান
কৰা তুমি সহায়
লোৱা তুমি প্ৰতিশোধ।
প্ৰতিবেশী আছে
তোমাৰ পৰাক্ৰম।
নকৰিবা লক্ষণ
ৰেখা অতিক্ৰম
আহি যাব বিপদ।
নোৱাৰিবা চম্ভালি
লৱ প্ৰতিশোধ ঈশ্বৰে।
পলাই পতং দি
নোৱাৰিবা বাচিব।
আছে তেওঁৰ বহু চকু
আহি যাব তোমাৰ
ধাৰাষাৰ বৃষ্টি।
হ'ব তোমাৰ ধ্বংস।
বিধাতাই নকৰে ক্ষমা
দিয়ে কেৱল
কৰ্ম ফলৰ উপহাৰ।
কৰিছা অন্যায় গৈছে মানুহ
দেখিছে ঈশ্বৰে সকলো ।
আছে ঈশ্বৰ লোৱা তুমি নাম
নাথাকে তোমাৰ বিলম্ব
আনক অনিষ্ট
সাধন কৰাত।
পূৱাতে উঠি লোৱা
তুমি ঈশ্বৰ নাম।
নামৰ শেষত আহি
যায় বদনাম
কৰি যোৱা হিংসা
নাথাকে বহুতৰ শান্তি।
আছে তোমাৰ
মৰম দৰিদ্ৰজনৰ প্রতি
কৰা তুমি সহায়।
আগবাঢ়িব বিচাৰিলে
হৈ যায় তোমাৰ
বহু খেলিমেলি।
ভবা তুমি মোক কৰে
যদি অতিক্ৰম।
সকলো হওঁক ধ্বংস।
নাথাকক অস্তিত্ব
হওঁক সকলোৱে পতন
তেহে হ'ব মোৰ উত্তৰণ ।
প্ৰতিবেশীৰ পৰাজয়ত লাগে
তোমাৰ শান্তি নালাগে অশান্তি।
আনহাতে সফলতাত
নালাগে তোমাৰ ভাল
উঠে তোমাৰ খং
কৰা তুমি প্ৰতিবেশিক অশান্তি।
প্ৰতিবেশীয়ে কঢ়িয়াব
তোমাৰ কফিন।
ৰাখিবা মনত
হয় যে তেওঁ
সকলোতকৈ আপোন।
আছে যদি দাপোণ
ছোৱা তুমি
পাবা বুজি সকলো।
প্ৰতিবেশী হোৱা তুমি
শোক দোষৰ লগৰী।
নকৰিবা শত্ৰুতা
আহিব বিপদ‌।
নাথাকিব আমাৰ
অস্তিত্ব নোৱাৰোঁ সহিব
নকৰিবা এনে পাপ।
লৱা তুমি ঈশ্বৰ নাম
পাবা কিন্ত নৰক।ছৈয়দ মহচিন।

6
697 views