logo

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমিষ্টিত আত্ম সহায়ক গোটলৈ দহ হাজাৰ টকাৰ চেক বিতৰন-

AIMA Media;10 Nov,2025 : আজি অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ হালাকুৰাত এক বিশাল সভাত অংশ গ্ৰহন কৰি, গোলকগঞ্জ বিধানসভা সমষ্টিৰ আত্মসহায় সহায়ক গোটৰ ২৪ হাজাৰ মহিলাক ১০ হেজাৰ টকাৰ চেক বিতৰন কৰে। সভাত আত্ম সহায়ক গোটৰ মহিলা সকলৰ উদ্দেশী মূখ্যমন্ত্ৰীয়ে কয় যে, এই ১০ হাজাৰ টকাৰ পিছত,২৫ হাজাৰ,পিছত ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হব। আত্মসহায় গটোৰ প্ৰতিজন মহিলাক লাখপতি বাইদেউ কৰাৰ স্বপোনৰ পিনে চৰকাৰে কাম কৰি আছে। সভাত মূখ্যমন্ত্ৰীয়ে জনায় যে, যোৱাবেলি নিৰ্বাচনত গোলকগঞ্জ বিধানসভা সমষ্টিত দিয়া প্ৰতিশ্ৰুতি সমূহ লাহে লাহে চৰকাৰে পূৰন কৰি আছে। যদিও গোলকগঞ্জ সমষ্টিত বিজেপিৰ বিধায়ক নাই,তথাপিও সমষ্টিৰ উন্নয়ন থমকি থকা নাই। অবশ্যে কংগ্ৰেছৰ যিজন বিধায়ক আছে,সেইজন নহৈ যদি যোৱাবেলি বিজেপি বিধায়ক জিকিলে হয়,তেনেহলে গোলকগঞ্জ সমষ্টিবাসী ৰাইজে আৰু বহু কিবা কিবি পাইয়ে থাকিলে হয়। এইবেলি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপিৰ বিধায়কক জিকালে অসম্পূৰ্ন হৈ থকা কাম সমূহ দ্ৰুত গতিত সম্পূৰ্ন হব।

0
479 views