৪৪০নং ৰংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দেহৱসান।
শিৱসাগৰ চহৰ দাঁতিতে লাগি থকা ৰংপুৰ অঞ্চলৰ ৪৪০নং ৰংপুৰ প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী নাম শ্ৰদ্ধাৰ বাইদেউ চাইৰা চুলতানা তথা অংক শাস্ত্ৰৰ নায়ক যোৱা ৰাতি 12বজাত এই পৃথিৱী এৰি কোনোবা অচিনা দেশলৈ ঘূৰি নহাৰ প্ৰত্যাহ্বান লৈ গতি কৰিছে। অংক শাস্ত্ৰৰ নায়ক এই কাৰণে কোৱা হৈছে কাৰণ তেওঁ খোভ সুন্দৰ বাবে পাটিগণিতৰ প্ৰতিটো পাঠ কণ কণ মইনাঁহতক শিকাইছিল।এই গৰাকী মহান শিক্ষয়িত্ৰীয়ে 2012সম্ভৱত চাকৰি জীৱনৰ যৱনিকা পেলাইছিল।এই বিদ্যালয় খন যদিও সৰু এই বিদ্যালয় গঢ়িছে বহু মানৱ সম্পদ তাৰ ওপৰিও এই বিদ্যালয়ে সৃষ্টি কৰিছে মহিয়সী নাৰি যাৰ সৃষ্টিত থাকে মানৱ প্ৰেমৰ বন্দনা হিমালয় দৰে উচ্ছ শিখৰত থাক তেওঁ নিষ্ঠা আৰু সভ্যতা। বাইদেউ আছিল অধিক পৰিশ্ৰমী আৰু যিকোনো প্ৰত্যাহ্বান সহজ ভাৱে লৈছিল গতিকে জীৱন সফল হৈছিল। মোৰ শৈশৱত উমলা প্ৰাথমিক বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰীৰ অকাল মৃত্যুত মই সমভাগি।মৃত্যু স্বাভাৱিক তাৰ বাবে কাকো দোষাৰোপ কৰা অনুচিত । কিন্তু ভড়ি ভাঙোতে ঐতিহ্য মণ্ডিত ভাৰতীয় উপমহাদেশৰ উত্তৰ পূৰ্ব প্ৰান্তৰ একমাত্ৰ health city Dibrugarh ত এনে মৃত্যু অলপ ভয় লাগে। যিহেতু ইয়াত বাইদেউ কৰিব লগা বিশেষ একো নাই তাতে অকলশৰীয়া গতিকে ক'ৰবাত সকলো জানি গুৰুৱে লেপচ কৰিব পাৰে। বাইদেউ অত্যন্ত সৰল মনৰ আছিল তাতে আই সমবয়সৰে গতিকে সকলো সময়তে আমাৰ অনুষ্ঠানত অহাটো স্বাভাৱিক ।।সেই হিচাপে মই সেইদিনা পুৱা সৰু ভায়েকৰ দোকান পাৰ হৈ চহৰলৈ গৈছিলো তাতে মোক কিবা এটা আনিব দিছিল পুৱাতে তেতিয়া মই সুধিলো বাইদেউ আমাৰ আইৰ অন্তিম যাত্ৰাত নাহিলে নেকি।কাৰণ আমাৰ হিচাপৰ মানুহ।তেতিয়া ভায়েকে কৈছে কি কথা কোৱা হে পিৰজাদি বাইতি অন্তিম যাত্ৰাত নাহিব নে ।জিয়েকৰ ঘৰ নাজিয়া তাতে আছিল আৰু তাৰ পৰা অকল পিৰজাদি বাইতি কাৰণে আহিছে আৰু ঘৰত থকা নাই ঘূৰি গৈছে। বাইদেউ কেইবাটাও ককাই ভাই গোটেইবোৰ ONGC অকল সৰু ভায়েকৰ দোকান আছে আৰু সেই জনৰ মোৰ দাদাৰ লগত খোভেই ভাল। বাইদেউ এনেকৈ হথাৎ গুচি যাব ভাবিব পৰা নাছিলোঁ। সেইকাৰণে মানুহে জীয়াই থাকোঁতে মানুহক শান্তি দিয়া প্ৰয়োজন শাস্তি নহয়।জীয়াই থাকোঁতে ৰোগিয়ে কান্দিব আৰু মৰা পিছত তুমি কান্দিবা সেইবোৰ ভাওনা যেন লাগে। মৃত্যুৰ পিছত বাহ্যিক সমৰ্থন যিমানেই নিদিয়া কিন্তু প্ৰকৃততে নিজৰ কৰ্মই মৃত্যুৰ পিছত আভ্যন্তৰীণ শান্তিৰ সৃষ্টি কৰিব। বেলেগ বিকল্প নাই।সেইবোলি মৃতকৰ কবৰত যোৱা মাগফিৰতৰ বাবে ঈশ্বৰ ওচৰত প্ৰাৰ্থনা কৰা অতি সুন্দৰ পন্থা । কিন্তু ইয়াৰ পৰা বহুত লাভ মৃতকে নেপায়। জীৱিত কালত নিজ কৰ্মই জন্নত লাভৰ যাবতীয় মাধ্যম। বাইদেউ বৰ অমায়িক আছিল সকলোকে মাতষাৰ দি গৈছিল ।লৈছিল সকলোৱে খবৰ। গতিকে বাইদেউক আল্লাই জন্নত নচিব কৰক। ছৈয়দ মহচিন।