logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

পঞ্চম মৰাণ গ্ৰন্থমেলাত " গ্ৰন্থমেলাৰ গীত" উন্মোচন।

মৰাণ: ১৬ নবেম্বৰ ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা পঞ্চম মৰাণ গ্ৰন্থমেলাত গ্ৰন্থমেলাৰ এটি শীৰ্ষ গীতৰ উন্মোচন কৰা হয়,গীতৰ কথা : মানসী গগৈ, সুৰ -ড০ শুভজ্যোতি মহন ,সংগীত - বিকাশ গগৈ ,শুভজ্যোতি মহন । মৈত্ৰেয়ী ফুকনে আঁতধৰা উন্মোচন অনুষ্ঠানত মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তৰুণ গগৈ, বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পেঞ্চনাৰ বাছা বৰা, কবি মানসী গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বীণা গোহাঁই কোঁৱৰ, সংগীত শিল্পী বিকাশ গগৈ কণ্ঠশিল্পী প্ৰিয়ম বৰপাত্ৰগোঁহাইকে প্ৰমুখ্যে কৰি বহু সন্মানীয় ব্যক্তিৰ উপস্থিতিত ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক শ্ৰী যুত লোহিত চন্দ্ৰ ডেকা দেৱে গীতটি শুভ উন্মোচন কৰে। গীতটিত কণ্ঠদান কৰিছে ষষ্ঠী তনয়া কলিতা, প্ৰিয়ম বৰপাত্ৰগোঁহাই, অংকিতা কলিতা, সুৱাসিতা মহন, ৰাখী গগৈ, বীণা গোহাঁই কোঁৱৰ, দীপালি চুতীয়া ফুকন, নীলাক্ষী বৰুৱা, মালবিকা গগৈ, সম্ভাৱনা হাজৰিকা, আৰু ৰিতৰিচা গগৈয়ে । নৃত্য নিৰ্দেশনা কৰিছে চন্দন কোঁৱৰ আৰু শান্ত চাংমাই গীতটি চিত্ৰগ্ৰহণ কৰিছে ভাস্কৰ বৰুৱাই।
https://youtu.be/I2VtuiNpdBk?si=mnUCQP-K-3b4H8Ax

185
5817 views

Comment