logo

কালিকা লগা সাগৰত গল আমাৰে প্ৰাণ ।

কালিকা লগা সাগৰত
গ'ল আমাৰে প্ৰাণ।
যিবোৰ কথা নভাবো
নিবিচাৰোঁ কিন্তু
সেইয়াযেন বাস্তৱ ।
সাগৰ ললে উগ্ৰমূত্তী
নাথাকিল আমাৰ প্ৰাণ
ঘটিল সলিল সমাধি ।
সাগৰে লৈ গ'ল
আপোন সজাঁৰ
পৰা সমাধিলৈ ।
সাগৰকে আমি
বহুত ভাল পাইছিলোঁ।
দেউতাই কোলাত
উঠি এটাই কণ্ঠস্বৰ
সাগৰ চাবলৈ যাম।
সাগৰ চাইছিলো
হ'ব পাৰে বংগ
নকৰে ব্যংগতা
নকৰে ভংগ
নহয় বৈৰি।
এইবাৰ সাগৰ
ওলোটা ৰূপ ললে ।
ধৰিলে সাৱতি
ল'লে প্ৰাণ।
সাগৰ আনিলে
আমাৰ অশ্ৰুৰ মহাসাগৰ।
সাগৰক বুজাইছিলো
খাতনি কৰিছিলোঁ
টেলিগ্ৰাম কৰিছিলোঁ
তথাপি নহ'ল শেষ ৰক্ষা
গুচি গ'ল আমাৰ প্ৰাণ ।
চলাইছিলো আপ্ৰাণ চেষ্টা
নহ'লো সফল।
আছিল চাগে শত্ৰু
নকৰিলে ৰক্ষা
গুচি গ'ল প্ৰাণ ।
সাগৰে কৈছে
নামানিছে সি নহয়।
সাগৰ কন্ঠস্বৰত
এটা বাজিছে
সাগৰে কাকো নেপেলায়
অথাই সাগৰত।
সাগৰত আছে
যমদূত
আছে জলস্তৰ
কৰে অভিনয়
কৰে ক্ষতি
আছে পেটত ভোক
নাপালে কৰে গণ্ডগোল।
হৈ যায় গোলমাল
গুচি যায় প্ৰাণ।
চিঙি উঠোৱাই
লৈ গ'ল
আমাৰ ফুলনিত
ফুলি থকা
পাৰিজাত ফুল।
পাৰিজাতৰ বাগিছাত
আছিল প্ৰভূত্ব
নাছিল প্ৰতাপ
কৰিছিল বৰদান
নকৰিছিল অন্যায় ।
আমাৰ প্ৰাণ
শিল্পী জন
আছিল নায়ক।
হয় ফুলৰে ৰাণী বা ৰজা ।
আচলতে তাই
ফুল পাৰিজাত ।
নাম তাই অপৰাজিতা ।
অপৰাজিতা ফুলৰে
আছিল সুগন্ধি।
বিলাই ছিল সৈন্দৰ্য্যতা
কৰিছিল সকলো আপোন।
শেষত সাগৰৰ
অমনোযোগিতাতে
পাৰিজাত পৰিল ঢলি।
গ'ল আমাৰ প্ৰাণ জুবিন দা। ছৈয়দ মহচিন।

57
1245 views