logo

বন্ধুৰ বহুৱালী।

বন্ধু বহুৱালি নলম
তাক আকোঁৱালি।
দেখাইছে বিৰত্ব
নাই বিলম্ব
কৰিছে বীৰৰ
দৰে আচৰণ।
নহয় মই তোমাৰ প্ৰতিদ্বন্দি
নহয় তোমাৰ প্ৰতিপক্ষ
ৰাখিবা পাৰ্থক্য ।
যদি নোপোৱা বুজি
নহয় তেনেহলে তোমাৰ বন্ধু।
নামাতিবা বন্ধু বোলি।
নাই তোমাৰ তেনে
শব্দৰ প্ৰতি
অলপো সম্মান
অলপো শ্ৰদ্ধা
অলপো ভক্তি ।
কৰি গৈছা অৱহেলা
অপমান আৰু অত্যাচাৰ।
তাতে বান্ধৈ লৈ
কৰিছা ব্যৱসায়।
কাঢ়ি নিলা সকলো সুখ।
হলা আনন্দত আত্মহৰা
কৰিলা হৰ্ষ উল্লাস
বন্ধুৰ নামত
কৰিছিলা বহুৱালি ।
নাই নেকি
তোমাৰ সম্যক জ্ঞান
নাই নেকি তোমাৰ
সামান্য মানৱতাবোধ।
বন্ধুৰ বিপদত নহয়
তোমাৰ সংযোগ
নাথাকে সহযোগিতা।
নাথাকে সময়
নাথাকে গুৰুত্ব।
আহিছিল বন্ধুৰ বিপদ
কৰিলানে খবৰ
হৈছিল নে যোগাযোগ
নাথাকে তেতিয়া অভিযোগ
নাথাকে অভিমান
পায় মনত প্ৰশান্তি।
আতঁৰে বহু অশান্তি
হয় যায় বহু সমাধান
আতঁৰে বহু সমস্যা ।
আচেনে খবৰ।
পালানে খবৰ।
হয়তো তুমি সজ্ঞা হীন
ৰোগত আক্ৰান্ত।
নতুবা আধুনিক মানুহ
ৰূপি পহু হৈ
চলাইছা নেকি প্ৰতাপ
বন্ধু নামত কৰিছা
বন্ধুকে বিভ্ৰান্তি ।
হব তাৰ প্ৰতিফলন
আহিব বতাহ
আহিব ধুমুহা।
হবা তুমি বিধ্বস্ত
নহয় যে তুমি বিশ্বস্ত
কৰিছা বিশ্বাসঘাটকতা ।
নাপাবা পৰিত্ৰাণ
কৰিছা পাপ হবগৈ
তোমাৰ কেৱল পতন।
বন্ধু নহয় তুমি
হয় তুমি বৰ্বৰ ।
নহয় কিন্তু
আমি ভিতিগ্ৰস্ত
হ'ব পাৰো হতাশাগ্ৰস্ত।
নিলৰ্জ নিস্ক্ৰিয় নিৰ্দয়
নিকিষ্ট নামৰ ব্যক্তিজন
মোৰ বন্ধু নহয় ।
সি নৰপিশাচ
সি নৰখাদক।
নাই তাৰ নৈতিকতা
নাই তাৰ প্ৰেম
আছে তাৰ কেৱল
নিষ্ঠুৰতা
হৈ যায় বন্ধু বিধ্বস্ত।
লাজ নালাগে
তোমালোকৰ
যাকে তাকে
সি তাৰ বন্ধু বোলি
ক'বলৈ।
পাহৰিলা নেকি
নে দিলা বিসৰ্জন সভ্যাতক ।
এজন পাপি ব্যক্তি
সেইজনে বুজি কেনেকৈ পাব
বন্ধুত্বৰ দৰে বিশালতাক।
হয় সি সংক্ষিপ্ত সংকীৰ্ণ
নাই তাৰ সেই বন্ধুত্বৰ বৈশিষ্ট
নাই তাৰ সেই সক্ষমতা ।
নহয় তাত মই আকৃষ্ট
নহয় মই আসক্ত।
লাগে মোৰ বিৰক্তি
তেনে ব্যক্তিক বন্ধু বুলি
অভিহিত কৰিব পাৰিনে?
এজন নিৰ্দয় মানুহ
নাই যাৰ হৃদয়
নাই যাৰ স্নেহ
নাই যাৰ মমতা ।
তাতে সলাই
সদায় নিতৌ ৰং।
বন্ধু নামত সি এটা বুজা
ভাঙি দিলে সি মোৰ প্ৰজা।
তেনে মানুহ মোৰ
বন্ধু হ'ব নোৱাৰে।
নকবা দ্বিতীয়বাৰ
সি তাৰ বন্ধু ।
আহিব বিপদ
নাথাকিম মই ।
নাহিম তোমালোকৰ মাজত।ছৈয়দ মহচিন।

140
45 views