
বলিৰ চৰ হাইস্কুলত মুখ্যমন্ত্ৰী আচঁনিৰ অধীনত বিনামূলীয়া ছাইকেল বিতৰণ*
*বলিৰ চৰ হাইস্কুলত মুখ্যমন্ত্ৰী আচঁনিৰ অধীনত বিনামূলীয়া ছাইকেল বিতৰণ*
অসম বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ লগতে ধুবুৰী জিলাৰ বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়াৰ চৰ গাঁওপঞ্চায়তৰ বলিৰ চৰ হাইস্কুলত আজি মুখ্যমন্ত্ৰী আচঁনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া ছাইকেল বিতৰণ কৰা হয়।
উক্ত উপলক্ষে বিদ্যালয় প্ৰাঙ্গণত এখন সভাৰ আয়োজন কৰা হয়। সভাখনত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকল, গণ্য-মান্য ব্যক্তি তথা স্থানীয় সাংবাদিক ফৰিজ উদ্দিন আহমেদ, নায়েৰ আলগা ৰয়েল একাডেমীৰ অধ্যক্ষ ছমেৰ আলী, বলিৰচৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক নুৰজামাল সৰকাৰ, হিন্দী শিক্ষক আব্দুল মান্নান তালুকদাৰ আদি উপস্থিত থাকে। সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দানিজ আলী আহমেদে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ শিক্ষক আব্দুল বাতেন আহমেদে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সহ শিক্ষক ওমৰ আলী শেখে। তেওঁ মুখ্যমন্ত্ৰী আচঁনিৰ গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা উন্নয়নত বিনামূলীয়া ছাইকেল আঁচনিয়ে আগবঢ়োৱা সহায়ৰ বিষয়ে বিস্তাৰিত ভাষণ প্ৰদান কৰে।
পাছত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ মুঠ ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰী আচঁনিৰ অধীনত বিনামূলীয়া ছাইকেল বিতৰণ কৰা হয়।