logo

আদিত্য হাস্পতালৰ গাফিলতিত মৃত্যুবৰণ কৰা হেমামণি বৰা মৰাণৰ তিলনিৰ সম্পন্ন।

আদিত্য হাস্পতালৰ গাফিলতিত মৃত্যুবৰণ কৰা হেমামণি বৰা মৰাণৰ তিলনিৰ সম্পন্ন।

*বিহু উৰুকা দিনা শোকৰ বন্যা প্ৰতাপ মৰাণৰ বাসগৃহত*

অসম লাইভ 24ৰ তিনিচুকীয়াৰ ব্যুৰো চীফ প্ৰতাপ মৰাণৰ পত্নী হেমামণি বৰা মৰাণৰ তিলনিৰ অনুষ্ঠিত কৰা হয়।

বৰডুমচা ৰতনি পথাৰ স্থিত নিজ বাসগৃহত মৰাণ পৰম্পৰা অনুসৰি আজি তিলনি অনুষ্ঠিত কৰা হয়।

তিলনিত স্থানীয় দল সংগঠনৰ লগতে উপস্থিত থাকে ডিগবৈ বিধায়ক সুৰেন ফুকন, শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু প্ৰদান বৰুৱা ।

সুৰেন ফুকন আৰু বলিন চেতিয়া দুয়োগৰাকী বিধায়কে এই ঘটনাক অতি দূৰ্ভাগ্যজনক আৰু আদিত্য হাস্পতাল কতৃপক্ষৰ গাফিলতিতে সংঘটিত হোৱা বুলি স্বীকাৰ কৰে।

ঘটনাৰ তদন্ত ক্ষীপ্ৰ হোৱা পোষকতা কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাৱী জনাইছে।

ভোগালী বিহুৰ উৰুকা দিনা কেৱল প্ৰতাপ মৰাণৰ বাসগৃহই নহয় সমগ্ৰ ৰতনিপথাৰ গাওঁখনতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

সেমেকি উঠা দুচকুৰে সকলোৱে মাথোঁ এটাই দাবী হেমামণি বৰা মৰাণৰ মৃত্যু তদন্ত ক্ষীপ্ৰতৰ কৰা আৰু দূৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ।

ৰাইজ তথা স্থানীয় দল সংগঠনৰ এই দাবী প্ৰতি চৰকাৰ প্ৰশাসনে কেনেদৰে সহাৰি দিয়ে সেইয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।

আজি তিলনি দিনা স্থানীয় একাধিক দল সংগঠন আৰু ব্যক্তিয়ে শোকবাৰ্তা প্ৰদান কৰাৰ লগতে শোকসন্তপ্ত পৰীয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।

0
2 views