logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

অসম বিধানসভা ২০২৬ নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জনতা পাৰ্টিলৈ ডাপলি মেলিছে বিভিন্ন দল সংগঠণৰ নেতৃত্বই ;

আজি ধুবুৰীস্থিত বিজেপি জিলা কাৰ্য্যালয়ত জিলাৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ জেষ্ঠ্য নেতৃত্বই বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যক্ৰমত উপস্থিত থাকে দলীয় ভাৱে ধুবুৰী লোকসভাৰ নিৰ্বাচনী দায়িত্বত থকা কেন্দ্ৰীয় ভাৱে নিযুক্ত তথা দিল্লী প্ৰদেশৰ বিধায়ক শ্ৰীযুত অনিল শৰ্মাজী, ধুবুৰী পৌৰসভাৰ পৌৰপতি তথা জিলাৰ প্ৰাক্তন সভাপতি ডাঃ দেৱময় স্যান্যালদেৱ, জিলাৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে নবীন চন্দ্ৰ সৰকাৰ আৰু কমলাকান্ত ৰায়দেৱ । ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শনৰ প্ৰতি বিশ্বাসী হৈ দলত যোগদান কৰা প্ৰবুদ্ধ নাগৰিক সকল ক্ৰমে অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে শ্ৰীযুত ভাষ্কৰ বৰুৱা, শ্ৰীযুত হেমেন চক্ৰবৰ্তী লগতে তেওঁলোকৰ সতীৰ্থবৃন্দ,প্ৰাক্তন ছাত্ৰ নেতা তথা জিলা আমোলা সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ঘোষদেৱ ,ধুবুৰী জিলা অসম গণ পৰিষদৰ প্ৰাক্তন কোষাধ্যক্ষ শ্ৰীযুত অমিতাভ আচাৰ্য্যদেৱ ,গুৱাহাটী দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰৰ প্ৰাক্তন চাকৰিয়াল শ্ৰীযুত গৌতম কৰ্মকাৰদেৱ , প্ৰাক্তন চাকৰিয়াল শ্ৰীযুত দেৱাশীষ হালদাৰদেৱ , শ্ৰীযুত গণেশ কুণ্ডুদেৱ , শ্ৰীমতি ৰমা হালদাৰ বাইদেউৰ লগতে বহু কেইজন বিশিষ্ঠ ব্যক্তিয়ে যোগদান কৰে।এই যোগদানৰ জৰিয়তে ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আগতকৈ আৰু অধিক শক্তিশালী হৈ পৰিল বুলি জিলাৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়ে উল্লেখ কৰে, লগতে অনাগত দিনত ভাৰতবৰ্ষক সকলো ফালে শক্তিশালী ৰাষ্ট্ৰৰ ৰূপত প্ৰতিষ্ঠা কৰি বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱাৰ ভাগিদাৰি হবলৈ সকলোকে আহ্বান জনাই অনাগত দিনত হৱলগীয়া ২০২৬ বৰ্ষৰ বিধান সভাৰ নিৰ্বাচনত মাৰবান্ধি বিজেপি বিৰোধী দল সমূহৰ বিৰুদ্ধে যুঁজিবলৈ সকলো স্তৰৰ ৰাইজলৈ আহ্বান জনায়। উক্ত যোগদান কাৰ্যক্ৰমত জিলাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকলেওঁ উপস্থিত থাকে।

26
5148 views

Comment