তামাৰহাট গাওঁ পঞ্চায়তৰ সভানেত্ৰী আহ্বান মৰ্মে ৬ খন গাওঁত MGNREGA আঁচনিৰ শুভ উদ্ভোধন কৰে অশ্বিনী ৰায় সৰকাৰ
আজি তামাৰহাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়েত সভানেত্ৰী শ্ৰীমতী সোমা সুত্ৰধৰ সাহাৰ আমন্ত্ৰন মৰ্মে , তামাৰহাট গাওঁ পঞ্চায়তৰ সদস্য,সদস্যা সকল আৰু বিভিন্ন গাওঁৰ জেষ্ঠ কনিষ্ঠ সন্মানীয় ৰাইজৰ উপস্থিত ৬ খন গাওঁত MGNREGA কামৰ শুভ উদ্ভোধন অনুষ্ঠানত উপস্থিত থাকে বিজেপি অসম প্ৰদেশ কাৰ্য্যনিৰ্বাহক সদস্য তথা ৬ নং গলোকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰী অশ্বিনী ৰায় সৰকাৰ।
উল্লেখনীয় বিষয় এয়া যে, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক "শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ" গাওঁ সমূহত আঁচনিৰ উদ্ভোধন কৰিবলৈ যোৱাত,প্ৰতিখন গাওঁৰ ৰাইজে তেখেতক এনেভাবে মৰম স্নেহ কৰিবলৈ ধৰিলে যে, তেখেত যেন প্ৰাক্তন বিধায়ক নহয়, বৰ্তমানো বিধায়ক হৈ আছে ! উপস্থিত সংবাদিক সকলক অশ্বিনী ৰায় সৰকাৰে জনায় যে, আজিও যি মৰম স্নেহ আৰু আশিৰ্বাদ সমষ্টিবাসী ৰাইজে মোক দি থাকে,সেয়া একমাত্ৰ সম্ভৱ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীজীৰ প্ৰতি থকা ৰাইজৰ মৰম আৰু অসমৰ মাননীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি থকা সমষ্টিবাসীৰ দৃঢ় বিশ্বাস। তেখেতে আৰু জনায় যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে টিকটকলৈ কি সিদ্ধান্ত লৱ,সেয়া সম্পূৰ্ন দলৰ শীৰ্ষ নেতৃত্বই লৱ,ইয়াত মোৰ কবলগীয়া একো নাই। মইতো কেৱল দলীয় দায়িত্ব আৰু নিৰ্দেশক পালন কৰি চলা এজন দলৰ সৈনীকহে মাথো । মই নাজানো ইমান দিনে মই কি হেৰুৱাইছো আৰু কি পাইছো, কিন্তু আজি সমষ্টিবাসী ৰাইজে মোক যেনেদৰে মৰমৰ স্নেহ আৰু আশিৰ্বাদ দি আছে, সেয়া চাই মই এইখিনিয়ে অনুভৱ কৰোঁ, এয়াই মোৰ কাৰণে ডাঙৰ সম্বল। যিটোক কোনোৱে বিচাৰিলেও আঘাত হানিব নোৱাৰিব আৰু কোনোদিনে নষ্টও কৰিবও নোৱাৰিব। প্ৰাক্তন বিধায়কজনে আৰু জনায় যে, এইবেলি গোলকগঞ্জ সমষ্টিত বিজেপি টিকট প্ৰত্যাশীৰ সংখ্যা পূৰ্বতকৈ বহু গুনে বৃদ্ধি হৈছে, ইয়াৰ পৰা এটা অনুমান কৰা যায় যে গোলকগঞ্জ সমষ্টিত এইবাৰ বিজেপিৰ জয় কোনোৱে ৰুদ্ধিৱ নোৱাৰিব। কংগ্ৰেছ নেতা কৰ্মীৰ লগতে কংগ্ৰেছ দলে গোলকগঞ্জ বিধানসভা সমষ্টিত কিছুমান মানুহক মোটা অংকৰ ধন দি, উক্ত সমষ্টিৰ হিন্দু ভোট বিভিজন কৰাৰ কাৰণে যদিওবা প্ৰয়াস চলাই আছে যদিও,তাত সিহঁতে সফলতা পোৱা নাই। গোলকগঞ্জ সমষ্টিবাসী হিন্দু ৰাইজে ইতিমধ্য গম পাই গৈছে, যিসকলে সমষ্টিত আহি কেৱল হিন্দুৰ মাজত গৈ হিন্দুক বিভাজন কৰাৰ কাৰণে জাতিগত কথা কৈ আছে, সেইসকলেই কংগ্ৰেছে টকা দি প্ৰক্ষেপ কৰা হিন্দু সম্প্ৰদায়ৰ মূল শত্ৰু । কাৰণ কংগ্ৰেছ দল সদায়ে হিন্দুক জাতিৰ নামত বিভাজন কৰাৰ ষঢ়যন্ত্ৰ কৰে,হিন্দু বিৰোধী কাৰ্য্যবোৰ কৰি হিন্দুক দূৰ্বল কৰাৰ প্ৰয়াস কৰে, সেয়েহে সমষ্টিত যেহেতুকে হিন্দুৰ সংখ্যা বেছি,সেয়েহে গোলকগঞ্জ সমষ্টিবাসী ৰাইজে এইবাৰ ভালকৈয়ে গম পাই গৈছে-এইবেলি কংগ্ৰেছে হিন্দুৰ ভোট নোপোৱাৰ ভয়ত ,বেলেগ দিশত হিন্দুৰ শক্তিক বিভাজন কৰাৰ বাবে মোটা অংকৰ ধন দি, কিছু ব্যক্তিক প্ৰোয়গ কৰিব বা কৰিছে। ইতিমধ্য ৰাইজ তেনে ব্যক্তিসকলক চিনাক্ত কৰি উলিয়াইছে,সিহঁতৰ চৰিত্ৰ সম্বন্ধেও অধ্যায়ন কৰি আছে। সেয়েহে গোলকগঞ্জ সমষ্টিত ৰাইজে সঠিক সময়ত উচিত উত্তৰ দি বুজাই দিৱ,এইবেলি গোলকগঞ্জ বিধানসভাত বিজেপি অবিহনে,কাৰো অস্তিত্ব নাই। গোলকগঞ্জ সমষ্টিৰ বিজেপি সংগঠণ পূৰ্ন ভাবে প্ৰস্তুত,কাৰ্যকৰ্তাও প্ৰস্তুত আৰু ৰাইজেও প্ৰস্তুত আকৌ এবাৰ বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা কৰাৰ বাবে,লগতে অসমত হবলগীয়া নতুন বিজেপি মিত্ৰজোঁট চৰকাৰত গোলকগঞ্জ সমষ্টিৰ পৰা এজন বিধায়ক অসম বিধানসভাত পঠিওৱাৰ বাবে।