ৰমযান মাহ।
ৰমজান।
ৰমজানত আছে মসৃণ।
থাকিবা তুমি পবিত্ৰ
ৰাখিবা তুমি শৰীৰ মন পৰিস্কাৰ
নকৰিবা কাকো তিৰস্কাৰ।
আছে যদি বহু ধন
দিবা তুমি দান
পাব তুমি পুৰস্কাৰ ।
হ'বগৈ সেইয়া পূণ্য।
তাতে তোমাৰ
ঈশ্বৰ হ'ব ধন্য।
দিব তোমাক
সকলোতে প্ৰাধান্য।
নহ'বা তুমি
এই মাহত অসহিষ্ণু।
নকৰিবা কাকো হিংসা।
হ'ব তোমাৰ হিচাপ।
নাপাবা তুমি উদ্ধাৰ
পাবা তুমি কেৱল শাস্তি।
নকৰিবা এনে পাপৰ সৃষ্টি।
ৰমজানৰো আছে উত্তাপ
কৰা যদি প্ৰাৰ্থনা
দহিব তোমাৰ পাপ ।
হ'বগৈ তোমাৰ পাপ খণ্ডন
পাবা তুমি জন্নত।
নহ'বা তুমি তাৰ
পৰা নিজেই বঞ্চিত।
হ'বগৈ পূণ্য হ'ব তোমাৰ সঞ্চয় ।
মৃত্যু পিছত পাবা তুমি মুক্তি
হ'ব ইয়াতে তোমাৰ সৈতে চুক্তি
নাপাবা তুমি তাত কেৱল শাস্তি।
ৰমজানত ৰাখা যদি ব্ৰত
আঁতৰিব তোমাৰ
আপায় অমঙ্গল।
আহিব তোমাৰ শান্তি ।
নকৰিব তাত তোমাক
ঈশ্বৰে বঞ্চিত।
ৰমজানৰ ৰাখিবা ব্ৰত
হ'বাগৈ তুমি সৎ।
নাযাবা তুমি বিপথে
কৰিব উদ্ধাৰ
ৰাখিবা মনত আছে ঈশ্বৰ।
ৰমজানৰ জাকাত
দিয়া যদি হ'ব
তোমাৰ বৰকত
হ'ব তোমাৰ
ভবিষ্যত অগ্ৰগতি।
নাথাকিব তাত তোমাৰ
উপাৰ্জনৰ বিসংগতি।
ৰমজানত কৰিবা অধ্যয়ণ
দিবা তুমি ধ্যান।
হয় সেইয়া কোৰাণ শ্বৰীফ
নকৰিবা তাক অৱহেলা।
পাবা তুমি ফলাফল
আঁতৰিব তোমাৰ
জীৱনৰ ভূল ভ্ৰান্তি।
হ'ব তাতে তোমাৰ ঈশ্বৰ মান্তি
আহিব তোমাৰ কেৱল প্ৰশান্তি
নাথাকিব তাত অশান্তি।
ৰমজানক ভবা
তুমি মৰমজান।
দিয়া যদি গুৰুত্ব
দিয়া যদি মৰ্য্যদা।
হ'বগৈ তেহে তোমাৰ
জীৱন হ'ব মসৃণ
ইহকাল আৰু পৰকালত।
ছৈয়দ মহচিন।