মৰাণত মৌকোঁহৰ উদ্যোগত অসম ভিত্তিত সাধু কোৱা প্ৰতিযোগিতা
প্ৰতিবেদক, মৰাণ ৪ মাৰ্চ : বৃহত্তৰ মৰাণৰ একমাত্ৰ শিশু প্ৰতিভা বিকাশ অনুষ্ঠান মৌকোঁহৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবছৰো ২৬ মাৰ্চত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিনটো সাধু কথা দিৱস হিচাপে পালন কৰিব। উদ্যোক্তা সকলে জনোৱাৰ মতে সাধু কথা দিবসৰ লগত সংগতি ৰাখি অষ্টম শ্ৰেণীলৈকে মুকলিকৈ সাধু কোৱা প্ৰতিযোগিতাখনি অসম ভিত্তিত মৰাণৰ খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ'ব। সাধু কোৱা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ বঁটা প্ৰাপ্ৰকে লাভ কৰিব বিশিষ্ট লেখিকাঅৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীণা কোঁৱৰ বৰগোঁহায়ে তেওঁ স্বামী নামত আগবঢ়োৱা বিশিষ্ট সমাজ কৰ্মী প্ৰয়াত সুবোধ কোঁৱৰৰ সোঁৱৰণী চলন্ত বঁটা, নগদ ৫০০০(পাঁচহাজাৰ) ধন আৰু মানপত্র। দ্বিতীয় শ্ৰেষ্ঠ বঁটা প্ৰাপকে লাভ কৰিব বিশিষ্ট সমাজকৰ্মী শিক্ষক দেবেন চুতীয়াই তেওঁৰ পিতৃৰ নামত আগবঢ়োৱা বিশিষ্ট সমাজ কৰ্মী এ. পি.ডি.চি এলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰায়ত চুচন চুতীয়াৰ সোঁৱৰণী চলন্ত বঁটা, নগদ ৩০০০(তিনি হাজাৰ ধন আৰু মানপত্র। তৃতীয় শ্ৰেষ্ঠ বঁটা প্ৰাপ্ৰকে লাভ কৰিব বিশিষ্টা সমাজসেৱিকা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী স্মৃতি ৰাজখোৱাই মাতৃৰ নামত আগবঢ়োৱা অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক বাণীকান্ত ৰাজখোৱাৰ সহৰ্ধমীনি তথা বিশিষ্ট সমাজসেৱিকা জয়ন্তীপ্ৰভা ৰাজখোৱাৰ সোঁৱৰণী চলন্ত বঁটা, নগদ ২০০০ •০০ টকা) আৰু মানপত্ৰ লাভ কৰিব। ইয়াৰ উপৰিও ১০ প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰ প্ৰদান কৰিব। সাধু কোৱা প্ৰতিযোগিতাত অংশগ্রহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলক ৯৮৬৪৮৭০০৫৯ ৯৯৫৪৬২৮২০৮ , ৬০০১৬৭৫৫৫১, আৰু ৯৯৫৪৪১৫৮৫২,৯১০১৪৬১৪১৪ফোন নম্বৰত ২০ মাৰ্চৰ ভিতৰত যোগাযোগ কৰিবলৈ আনুৰোধ জনাইছে।