logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

চাহ আইটি ইনষ্টিটিউচন-এ দেখুৱালে নতুন দিশ: দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

শ্ৰীমন্ত শংকৰদেৱ নগৰ, ৫ এপ্ৰিল, ২০২৬ঃ
হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অৱস্থিত চাহ আইটি ইনষ্টিটিউচনে প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি দৰিদ্ৰ আৰু প্ৰয়োজনীয় শিক্ষাৰ্থীসকলৰ বাবে নতুন আশাৰ পথ মুকলি কৰিছে। ২০২৪–২৫ বৰ্ষত প্ৰতিষ্ঠানটোৱে মুঠ ২৫ জন আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণে বহু যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল হ’বলৈ সহায় কৰাৰ লগতে তেওঁলোকৰ বাবে উন্নত ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিছে। প্ৰশিক্ষণ সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ মাজৰ বহুতে ইতিমধ্যে চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰত চাকৰি লাভ কৰিছে, যি প্ৰতিষ্ঠানটোৰ গুণগত শিক্ষা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ এক সুস্পষ্ট প্ৰতিফলন।
প্ৰতিষ্ঠানটোৰ এই সফলতা কেৱল গৌৰৱৰ বিষয়েই নহয়, বৰঞ্চ অঞ্চলটোৰ যুৱ সমাজৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ হৈ উঠিছে। প্ৰতিষ্ঠানটোৰ সঞ্চালক কপিল দেৱ সাহ-এ জনায় যে, তেওঁলোকৰ লক্ষ্য কেৱল শিক্ষা প্ৰদান কৰাত সীমাবদ্ধ নহয়, বৰং দৰিদ্ৰ আৰু প্ৰয়োজনীয় শিক্ষাৰ্থীসকলক দক্ষতা-ভিত্তিক প্ৰশিক্ষণৰ জৰিয়তে কৰ্মসংস্থাপনযোগ্য কৰি তোলা। তেওঁ লগতে কয় যে ভৱিষ্যততো এই ধৰণৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত ৰখা হ’ব। স্থানীয় ৰাইজেও এই উদ্যমৰ ভূয়সী প্ৰশংসা কৰি কয় যে এনে প্ৰচেষ্টাই সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়ন আৰু শিক্ষা-কৰ্মসংস্থান ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ বিশেষ ভূমিকা পালন কৰে।

5
253 views

Comment